আমগুৰি ৱেব মিডিয়া সংস্থাৰ উদ্যোগত সম্বৰ্ধনা কাৰ্যসূচী সম্পন্ন
শিৱসাগৰ, ১৯ জুনঃ ৱেব মিডিয়া সংস্থাৰ
আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আজি ক'ভিড-১৯ৰ ভয়াবহতাৰ সময়তো জনসাধাৰণৰ বাবে নিজৰ
জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াই অহা চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনিক বিষয়াৰ লগতে
সমাজকৰ্মীসকলক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সংস্থাৰ আমগুৰি
আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ বড়াৰ নেতৃত্বত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য
ব্যাখ্যা কৰে সম্পাদক জিয়াৰুদ্দিন আহমেদে। সংস্থাৰ কেইবাজনো
বিষয়ববীয়াৰ উপস্থিতিত আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা আমগুৰি চক্ৰ
পৰিদৰ্শক হিৰণ্য পাটৰ, থানাখনৰ উপ-পৰিদৰ্শক নিৰজ দলে, সহঃউপ-পৰিদৰ্শক অনুপ গায়ন, যুৱ সমাজকৰ্মী তথা অসম যুৱ পৰিষদৰ কেন্দ্ৰীয়
সমিতিৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা, আমগুৰি চিকিৎসালয়ৰ অধীক্ষক তথা চিকিৎসক ডাঃ
হেমেন গগৈ, আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয়
মিতালী লাহন আৰু মামন সোণোৱালক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান
জনোৱা হয়। আনহাতে বিশিষ্ট ব্যক্তিসকলক কাৰ্যালয়লৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰা
কাৰ্যসূচীত আমগুৰি ৱেব মেডিয়া সংস্থাৰ কাৰ্যকৰী সভাপতি ৰঞ্জন কুমাৰ দত্তৰ লগতে
অনুৰাগ শইকীয়া আৰু ইমৰাণ ৰহমানে অংশ গ্ৰহণ কৰে।


No comments