Breaking News

ডিমা হাচাওত চাৰিদিনে সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

বোকাজান, ৯ জুনঃ যোৱা ৫ জুনৰ বিয়লিৰ পৰা সন্ধানহীন হৈ থকা এজন যুৱকৰ মৃতদেহ আজি উদ্ধাৰ হোৱা ঘটনাই ডিমা হাচাও জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ৫ জুনত হাফলঙৰ শনিবৰীয়া হাটলৈ জিলাখনৰ চাম্পাৰদিছা নামৰ ঠাইৰ পৰা এএছ-০২-চিচি-৫৩৬৬ নম্বৰৰ টাটা ডি আইখনেৰে যাত্ৰী কঢ়িয়াই আনি পুনৰ চাম্পাৰদিছাত থৈ ওভতি অহাৰ পিছৰে পৰা ফিৰনজিৎ কেম্প্ৰাই (২০) নামৰ দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত যুৱকজন সন্ধানহীন হৈ পৰে। শেহতীয়াকৈ যুৱকজনৰ মোবাইল ফোনৰ চুইছ বন্ধ হৈ পৰাত শংকিত হৈ পৰা পৰিয়ালৰ লোকে যুৱকজনৰ বিচাৰ-খোচাৰ কৰাত হাফলঙৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগৰ গুনজুং এলেকাত যুৱকজনে ব্যৱহাৰ কৰা ডি আই বাহনখন পথৰ দাঁতিত ৰৈ থকাৰ তথ্য লাভ কৰে। ইয়াৰ পিছতে সমীপৰ এলেকাত বিচাৰ-খোচাৰ কৰাৰ পিছত গছত ওলমি থকা অৱস্থাত গুনজুঙৰ ৱাইয়ুংদিছাৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কেনে পৰিস্থিতিত যুৱকজনৰ মৃতদেহ উক্ত হাবিতলীয়া ঠাইত উদ্ধাৰ হ'বলগীয়া হ'ল তাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে। এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়া নিশ্চিত হোৱা নাই যদিও কোনো দুস্কৃতিকাৰীয়ে যুৱকজনক কোনো কাৰণত কৌশলেৰে নি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে মৃতদেহটো পচিবলৈ আৰম্ভ কৰালৈ লক্ষ্য ৰাখি কেইবাদিনো পূৰ্বেই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জানিব পৰা হোৱা নাই। 

No comments