Breaking News

শিৱসাগৰত আঘাতপ্ৰাপ্ত ফেঁচা উদ্ধাৰ

শিৱসাগৰ, ৯ জুনঃ আজি এজন যুৱকে শিৱসাগৰ থানামুখত এটি আঘাতপ্ৰাপ্ত দুষ্প্ৰাপ্য ফেঁচা উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ কৰ্মকৰ্তা জেহিৰুদ্দিন খানক অৰ্পণ কৰে । পাখিত যথেষ্ট আঘাতপ্ৰাপ্ত হৈ উৰিবলৈ সক্ষম নোহোৱা ফেঁচাটো এজোপা গছৰ তলত খোজকাঢ়ি থকা দেখি এদল শিশুৱে শিল আদি দলিওৱা দেখি তাৰিক নামৰ এজন সচেতন যুৱকে মানৱীয়তাৰে এই ফেঁচাটো শিশুসকলৰ মাজৰ পৰা উদ্ধাৰ কৰি নেচাৰ্চ বেকনৰ কৰ্মকৰ্তাক চমজাই দিয়ে । ইয়াৰ পিছতে নেচাৰ্চ বেকনৰ কৰ্মকৰ্তাৰ খবৰৰ ভিত্তিত বন বিভাগৰ এটি দলে জেহিৰুদ্দিন খানৰ পৰা ফেঁচাটো চমজি লোৱাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰিবৰ বাবে বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।



No comments