Breaking News

আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ‌

নিউজ ডেস্ক, ৯ জুনঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ‌। আজিৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।


# অসম আৰক্ষীৰ SP সকলৰ সন্মীলন প্ৰতি ছমাহৰ মূৰে মূৰে হ'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে


# আৰক্ষী অধীক্ষকসকলৰ সৈতে পৰৱৰ্তী সন্মিলন হ'ব দুলীয়াজানত


# প্ৰতি ছমাহত SP, DC ৰে বৈঠক হ'ব গুৱাহাটীত


# অসম পুলিচত ১০ টা কামাণ্ডো বেটেলিয়ান মোতায়ন কৰা হ'ব অসম নাগালেণ্ড সীমান্ত, BTR, পাহাৰীয়া জিলাৰ দৰে স্পৰ্শকাতৰ অঞ্চলত


# NSG ৰ সমকক্ষ হ'ব এই বেটেলিয়ান 


# অহা ছমাহৰ ভিতৰতে অসমত স্থাপন হ'ব ৭টাকৈ ফৰেনছিক লেব


# ভাৰতৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে বছৰত ১ মাহৰ বাবে বাধ্যতামূলকভাৱে বেটেলিয়ানসকলক ছুটীৰ ঘোষণা


# বছৰত এবাৰকৈ হ'ব আৰক্ষীসকলৰ স্বাস্থ্য পৰীক্ষা 


# ড্ৰাগছ, গৰু সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


# বৈধ, অবৈধ কোনো প্ৰকাৰেই বহিঃৰাজ্যৰ পৰা গৰু প্ৰৱেশ কৰিব নোৱাৰিব অসমত


# ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'বলৈ SP সকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


# ১ লাখ চাকৰিৰ ভিতৰত আৰক্ষী বিভাগতো হ'ব নিযুক্তি


#১ লাখ ৫ হেজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে, সেয়েহে ২ হেজাৰ চাব ইনচপেক্টৰ, ল' অফিচাৰ নিযুক্তি দিয়াৰ চিন্তা চৰ্চা


# দুৰ্নীতিগ্ৰস্ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব



No comments