Breaking News

ৰাজিন্দৰ নগৰ এক্সপ্ৰেছৰ চেইন টানি বিহাৰৰ পৰা অহা ৰে'লযাত্ৰীৰ পলায়নৰ চেষ্টাঃ আৰক্ষী-স্থানীয় লোকৰ সহযোগত আটক সোতৰজনঃ বোকাজানত তীব্ৰ প্ৰতিক্ৰিয়া

বোকাজান, ৬ জুনঃ- মৰাত্মক কৰ'না সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা হাতত লোৱাৰ বিপৰীতে একাংশ কাণ্ডজ্ঞানহীন লোকৰ কেতবোৰ ভয়ংকৰ কৰ্মকাণ্ডই ক'ভিডকেন্দ্ৰীক পৰিস্থিতিক অধিক জটিল কৰি তোলাৰ আশংকা বৃদ্ধি কৰি আহিছে। অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান এলেকাত আজি সংঘটিত হোৱা এনে এক ভয়ংকৰ ঘটনাই আজি সমগ্ৰ এলেকাটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিহাৰৰ পৰা তিনিচুকীয়া অভিমুখী উজনীমুৱা ৰে'লখনত যাত্ৰী হিচাপে অহা একাংশ দৃষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত হোৱা এক ঘটনাই আজি ক'ভিডৰ ব্যাপক সংক্ৰমণৰ বলি হোৱা বোকাজান এলেকাত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি ভাগত বিহাৰৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা উজনিমুৱা ৰাজিন্দৰ নগৰ এক্সপ্ৰেছখন বোকাজান থানাৰ অন্তৰ্গত মাটিপুলত আহি উপস্থিত হোৱাৰ সময়তে ৰে'লযাত্ৰী হিচাপে অহা একাংশ দৃৰ্বৃত্তই ৰে'লৰ চেইন টানি ৰখাই ৰে'লৰ পৰা পলায়ন কৰে। ৰে'লযাত্ৰীসকলৰ এনে আচৰণ প্ৰত্যক্ষ কৰি ইয়াৰে ১৭ জন লোকক আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আটক কৰাৰ বিপৰীতে আন ভালেকেইগৰাকী পলাই সাৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। আটক হোৱা লোকসকলৰ মাজত ছগৰাকী চি আৰ পি এফৰ জোৱান বুলি জানিব পৰা গৈছে। বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আটক হোৱা আটাইকেইগৰাকী ৰে'লযাত্ৰীকে ক'ভিডৰ পৰীক্ষা কৰোৱাৰ লগতে আটাইকেইজনকে ৰে'ল আৰক্ষীক গতাই দিয়ে। লগতে এনেদৰে ৰে'লৰ পৰা পলাবলৈ খোজা সকলো যাত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমত জানিবলৈ দিয়ে। উল্লেখ্য যে, কৰ'নাজনিত পৰিস্থিতিৰ বাবে ৰাজিন্দৰ নগৰ এক্সপ্ৰেছ ৰে'লগাড়ীখন ডিমাপুৰত ৰখোৱাৰ অনুমতি নিদিয়াৰ লগতে বোকাজানতো ইয়াৰ ষ্টেশ্যন নোহোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিৱৰ্তে ষ্টেশ্যন গোলাঘাট জিলাৰ ফৰকাটিং বুলি জানিব পৰা গৈছে। তেনে পৰিস্থিতিত এইসকল যাত্ৰীয়ে ডিমাপুৰলৈ যোৱাৰ উদ্দেশ্যেই এই ঘটনা সংঘটিত কৰা বুলি অনুমান কৰা হৈছে। ধৃত আটাইকেইগৰাকী লোকেই নগালেণ্ডত কাম কৰাৰ বাবে অহা বুলিও জানিব পৰা গৈছে।




No comments