Breaking News

বোকাজানত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰঃ জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ

বোকাজান, ৬ জুনঃ- এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ ৰাইজে। অসম-নগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাসকল আজিও বঞ্চিত এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা। যি সময়ত অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ অংগীকাৰ কৰিছে, সেই সময়তে সমগ্ৰ ৰাজ্যখনতেই জনস্বাস্থ্য কাৰিকৰী বিভাগটো এটা অকামিলা বিভাগ হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান নিৰ্মল টি ষ্টেট বাগানৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। বাগানখনৰ ৰাইজক খোৱা পানীৰ যোগানৰ উদ্দেশ্যে প্ৰায় ৫০ বছৰ পূৰ্বে এটা কুঁৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও কুঁৱাটো এতিয়া শুকাই যোৱাৰ লগতে ইয়াৰ পানী ঘোলা হোৱাত জীয়াতু ভুগিছে বাগানখনৰ বাসিন্দাসকলে। বাগানখনৰ ৰাইজৰ অভিযোগ অনুসৰি, লাহৰিজান নিৰ্মল টি ষ্টেটত বসবাস কৰা প্ৰায় ৩০০ টা পৰিয়ালৰ ৮০০ বাসিন্দাই ব্যৱহাৰ কৰা কুঁৱাটোৰ পানী সংগ্ৰহৰ বাবে বৰ্তমান মাজনিশা ১২/১ বজাৰ পৰা শাৰী পাতিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। মাজনিশাৰ পৰা শাৰী পাতি ঘোলা পানী সংগ্ৰহ কৰিহে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বাগানখনৰ বাসিন্দাসকলে। আনহাতে, ঘণ্টা ঘণ্টা জুৰি শাৰী পাতিও পানী সংগ্ৰহ কৰিব নোৱাৰা লোকসকলে বাগানখনৰ পৰা ২/৩ কিঃমিঃ আতৰত থকা পথাৰত গাত খান্দি অথবা জান-জুৰিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। আনহাতে, তিনিমাহৰ পূৰ্বে বাগানখনত চৰকাৰীভাৱে এটা কুঁৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল যদিও কেৱলমাত্ৰ ১৫ ফুট দ উক্ত কুঁৱাটোৰ পানী খোৱাৰ অনুপযোগী হোৱাৰ লগতে কুঁৱাটোৰ পানী শুকাই যায়। এই সমস্যাৰ বাবে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰিছিল যদিও এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চৰম হতাশাত ভুগিছে লাহৰিজান নিৰ্মল টি ষ্টেট বাগানৰ বাসিন্দাসকল। চৰকাৰ আহে আৰু যায়, নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দলৰে এটাই প্ৰতিশ্ৰুতি। অসম-নগালেণ্ড সীমান্তৱৰ্তী উক্ত এলেকাটোত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি এইসকল লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে ৰাজনৈতিক দলৰ নেতাসকলে কিন্তু নিৰ্বাচন পাৰ হ’লে এইসকল সীমান্তৱৰ্তী এলেকাত বসবাস কৰা ৰাইজক পানীৰ ব্যৱস্থা কৰি দিয়াতো দুৰৰে কথা এইসকল লোকৰ খবৰ এটা ল’বলৈও ৰাজনৈতিক দলৰ নেতাসকল নাহে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।




No comments