ডিলাইত উদ্ধাৰ চাৰিটাকৈ চুৰি গোধনঃ গ্ৰেপ্তাৰ ৪ টাকৈ গভাইত গৰু চোৰ
বোকাজান, ৬ জুনঃ- কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে আজি অভিযান চলাই তিনিটা চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে গৰু চুৰিৰ সৈতে জড়িত চাৰিটাকৈ গৰুচোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ তথ্যৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি পুৱাৰ ভাগত ডিলাই থানাৰ অন্তৰ্গত দহ মাইলত অভিযান চলাই এএছ-১২-ই-০৭৪৮ নম্বৰৰ এখন ডি আইসহ তিনিটা চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আজি উদ্ধাৰ হোৱা গৰুকেইটা বোকাজান থানাৰ অন্তৰ্গত জপৰাজান টিং বস্তি আৰু পাটৰ গাঁৱৰ পৰা চুৰি কৰি আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আজি ডিলাই থানাত উপস্থিত হৈ উদ্ধাৰ হোৱা গৰুকেইটাৰ গৰাকীয়ে নিজ নিজ পশুধনকেইটাক চিনাক্ত কৰিবলৈ সক্ষম হয়। আনহাতে, গৰু চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত গৰু চোৰকেইটা ক্ৰমে ডিলাই দহ মাইলৰ খনছিং টেৰণ (৩৬), মাঞ্জা থানাৰ অন্তৰ্গত ডিচামা ৰংফাৰ গাঁৱৰ খৰছিং তেৰাং (৩৫), জুলাই থানাৰ অন্তৰ্গত ডিলাই চাৰি মাইলৰ ৰবীন্দ্ৰ টকবি (২৯) আৰু গোলাঘাট জিলাৰ কমাৰগাঁও থানাৰ অন্তৰ্গত চুংগীহোলাৰ ৰাজীৱ গগৈ (৩৫) বুলি চিনাক্ত তৰা হৈছে। উল্লেখ্য যে, চুৰি গৰুকেইটা ডিমাপুৰত বিক্ৰীৰ বাবে নিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।


No comments