Breaking News

ডকমকাত ট্ৰাক-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত এজন নিহত

বোকাজান, ৬ জুনঃ- কাৰ্বি আংলং জিলাৰ ডকমকাত কালি বিয়লি সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি ডিফুৰ পৰা নগাঁৱৰ দিশে গৈ থকা এএছ-০৯-চি-৫০৮৩ নম্বৰৰ ট্ৰাকখনে ডকমকাৰ পেট্ৰ'ল পাম্পৰ সমীপতে বিপৰীত দিশৰ পৰা আহি থকা নম্বৰ প্লেটবিহীন এখন ডাম্পাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত অতি গুৰুতৰভাৱে আহত হোৱা ট্ৰাকখনৰ চালকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে চালকজনৰ মৃত্যু হয়। নিহত চালকজন হোজাই জিলাৰ গোপাল নগৰৰ মাৰুক উদ্দিন (২২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, ডাম্পাৰখনৰ চালক কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ কেশৱ দাস (২৫) দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। 



No comments