শিৱসাগৰত চাৰিবছৰীয়া কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ
শিৱসাগৰ, ৬ জুনঃ শিৱসাগৰ চহৰৰ সমীপৰ কালুগাঁওৰ ২ নং শলগুৰি গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । পুৱাই বাৰীৰ পুখুৰীত উদ্ধাৰ হৈছে এগৰাকী চাৰিবছৰীয়া কন্যা সন্তানৰ মৃতদেহ। পুৱা গা ধুবলৈ যোৱা পেহীয়েকে পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে চাৰিবছৰীয়া ভতিজী ত্ৰিদিশা নাথৰ মৃতদেহ । ৰহস্যজনকভাবে মৃতদেহ উদ্ধাৰৰ পূৰ্বৰ পৰাই অন্তৰ্ধান হৈ আছে মৃত চাৰিবছৰীয়া কন্যা সন্তানটিৰ মাতৃ জোনালী নাথ । পুখুৰীৰ পাৰত মাতৃ জোনালী নাথৰ চেন্দেলযোৰ উদ্ধাৰ হোৱা কাণ্ডই ঘটনাটো অধিক ৰহস্যজনক কৰি তুলিছে। পৰিয়ালৰ অভিযোগ অনুসৰি নিশা মাতৃ জোনালী নাথে উক্ত ঘটনাটো সংঘটিত কৰি পলায়ন কৰে যদিও স্থানীয় ৰাইজৰ খবৰ আৰু অভিযোগ অনুসৰি জয়সাগৰ আৰক্ষী নেতৃত্বৰ এটা দলে মাতৃ জোনালী নাথক আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্হলীত শিৱসাগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

No comments