ক'ভিডসৃষ্ট পৰিৱেশৰ বাবেই কুটীৰ শিল্পই পোৱা নাই বজাৰৰ উচিত মূল্য
শিৱসাগৰ, ৫ জুনঃ কুটীৰ শিল্পৰে চহকী শিৱসাগৰৰ এখন গাওঁ। কুটীৰ শিল্পৰে চহকী শিৱসাগৰৰ এইখন বকতাৰ ন-নাথ গাঁও। গাঁওখনৰ ২৫০টাকৈ পৰিয়ালে যুগ যুগান্তৰ ধৰি কুটীৰ শিল্পৰ জৰিয়তে পোহপাল দি আহিছে নিজৰ পৰিয়াল। বাঁহ-বেতেৰে গাঁওখনৰ মহিলাসকলে নিৰ্মাণ কৰি আহিছে ডলা, চালনী, পাচি, খৰাহী, জাকৈ, খালৈ, চেপা আদি বিভিন্ন সামগ্ৰী। গাঁওখনৰ মহিলাসকলে নিৰ্মাণ কৰা এইসমূহ বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰা ক্ষেত্ৰত বিশেষভাবে কাঠি-কামি তোলা কামত সহায় কৰে গাঁওখনৰে পুৰুষসকলে। বকতা ন-নাথ গাঁৱৰ প্ৰতিঘৰৰে একমাত্ৰ জীৱিকা তথা স্বাৱলম্বীৰ স্থল হ'ল কুটীৰ শিল্প। গাঁওখনত মহিলাৰ হাতৰ পৰসত প্ৰাণ পায় উঠা এইসমূহ বাঁহ-বেতৰ সামগ্ৰী অসমৰ বিভিন্ন বজাৰত উচিত মূল্যত বিক্ৰী হৈ আহিছে। কুটীশিল্পত চহকী হোৱাৰ বাবেই অসমত শিৱসাগৰৰ বকতা ন-নাথ গাঁৱৰ এক সুকীয়া নাম আছে। বৰ্তমান ক'ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা। ফলশ্ৰুতিত বকতা ন-নাথ গাঁৱৰ এই কুটীৰ শিল্পলৈ আহিছে চৰম ভাবুকি। ক'ভিড মহামাৰীৰ ফলত ৰাজ্যত ঘোষিত মিনি লকডাউনৰ বাবে বকতা ন-নাথ গাঁৱত নিৰ্মিত এইসমূহ কুটীৰ শিল্প তথা বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী বজাৰত বিক্ৰী কৰিব নোৱাৰাত চিন্তিত হৈ পৰাৰ লগতে অধিক লোকচানৰ সন্মুখীন হৈছে কুটীৰ শিল্পৰ লগত জড়িত বকতা ন-নাথ গাঁৱৰ ২৫০টাকৈ পৰিয়াল। পৰিয়াল পোহপাল দিবলৈ অতি কষ্টকৰ জীৱন যাপন কটাবলগীয়া হৈছে কুটীৰ শিল্পৰ লগত জড়িত লোকসকল। বিভিন্ন বৃত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা লোণৰ ঋণ মাৰিবলৈও অসুবিধাৰ সন্মুখীন হৈছে কুটীৰ শিল্পৰ লগত জড়িত লোকসকল। তৈয়াৰ কৰি থোৱা বিভিন্ন বাঁহ-বেতৰ সা-সামগ্ৰী ঘৰতে বৰ্তমান সাচি ৰাখিছে বকতা ন-নাথ গাঁৱৰ লোকসকলে। ক'ভিড মহামাৰীৰ বাবেই এতিয়া যেন অনিশ্চয়তাত ভুগিছে বকতা ন-নাথ গাঁৱৰ কুটীৰ শিল্পৰ লগত জড়িত ২৫০টাকৈ পৰিয়াল।

No comments