চিকিৎসকক প্ৰহাৰৰ বিৰুদ্ধে ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰ্মীৰ ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত
বোকাজান, ৩ জুনঃ- হোজাই জিলাৰ লংকাৰ এখন ক'ভিড হাস্পাতালত এদল উন্মত্ত লোকে তাণ্ডৱ চলাই এগৰাকী কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰি অতি গুৰুতৰভাবে আহত কৰাৰ লগতে অন্যান্য চিকিৎসাকৰ্মীকো নিৰ্যাতন চলোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলেও আজি উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসালয়ত চিকিৎসা সেৱাত ব্যস্ত থকাৰ মাজতে নাৰ্ছ আৰু চিকিৎসকসকলে সুকীয়া সুকীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ওপৰত চলোৱা এনে নিৰ্মম অত্যাচাৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসালয়খনৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায় ৷ কৰ'না মহামাৰীৰ দৰে সংকটৰ সময়ছোৱাতো অশেষ ত্যাগ স্বীকাৰ কৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে চিকিৎসা সেৱা প্ৰদানৰ পিছতো এই সকল কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত নোহোৱাৰ ঘটনাত গভীৰ উদ্বেগ ব্যক্ত কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ স্বাস্থ্যখণ্ডত সঠিক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰক, আপোনাৰ জীৱনৰ ৰক্ষা কৰ্তাক ক্ষতি নকৰিব, চিকিৎসকৰ ওপৰত নিৰ্যাতন সহ্য কৰা নহ'ব, চিকিৎসকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
No comments