Breaking News

কৃষক ৰাইজৰ কাষত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন

ধনশিৰি, ৩ জুনঃ দুখৰ দিনত কৃষক ৰাইজৰ কাষত থিয় দিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। পানীৰ অভাৱত সমষ্টিটোৰ কৃষক ৰাইজে আজিলৈকে কঠীয়া পাৰিব পৰা নাই । সমষ্টিটোৰ সৰুপথাৰ আৰু বৰপথাৰৰ  বিভিন্ন স্থানত থকা জলসিঞ্চন আঁচনিসমূহো বিকল হৈ থকাৰ বাবে পানীৰ যোগান ধৰিব পৰা নাই কৃষি ভূমিত । যাৰ ফলত বতৰৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ অপেক্ষাত মূৰে কপালে হাত দি থাকিব লগা হৈছে কৃষকসকলে । কৃষকৰ এনে দুৰ্দশাৰ সময়ত জলসিঞ্চন, কৃষি আৰু বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰে জলসিঞ্চন প্ৰকল্পসমুহ । বিধায়কগৰাকীৰ  উপস্থিতিত বিভাগীয় কৰ্তৃপক্ষই তিনিটাকৈ পানী যোগান আঁচনি কাৰ্য্যক্ষম কৰি তোলে । বিকল হৈ থকা অন্য পানী যোগান আঁচনিসমূহো তিনি দিনৰ ভিতৰত কাৰ্য্যক্ষম কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস প্রদান কৰে । সমষ্টিটোৰ অৰ্ন্তগত বৰপথাৰ আৰু সৰুপথাৰ অঞ্চলৰ ৭ টাকৈ পানী যোগান আঁচনি পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে । অকল জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰাই নহয়, এই দুৰ্যোগৰ সময়ত কৃষক  ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠিয়া পৰাৰ কথাও সদৰি কৰে বিধায়ক বিশ্বজিৎ ফুকনে । বিধায়ক হিচাপে নিৰ্বাচিত হৈ এমাহ পূৰ্ণ হওঁতে লোৱা সময়োপযোগী আৰু বলিষ্ঠ পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।




No comments