বকলীয়াঘাটত এটি শিশুকে ধৰি চাৰিজন লোক দুৰ্ঘটনাত আহত
বোকাজান, ৩ জুনঃ আজি বিয়লি বকলীয়াঘাটত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এটি আঠ বছৰীয়া শিশুকে ধৰি চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, আজি দিনৰ প্ৰায় ৩.৩০ বজাত ডকমকাৰ পৰা ডিফু অভিমুখে আহি থকা এএছ-০১-কিউ-১৫১৮ নম্বৰৰ মাৰুতী এল্ট' ৮০০ গাড়ীখনে বকলীয়াঘাট প্ৰেট্ৰ'ল পাম্পৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এজোপা সোণাৰু গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত বাহনখনত থকা চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজন ক্ৰমে, চন্দ্ৰছিং তিচ' (৬৫), এৰিণ তিমুংপী (২৫), সান্তনা টকবিপী (৮) আৰু অজয় ৰংপি বুলি জানিব পৰা গৈছে। আহত লোককেইজনক ততালিকে সমীপৰ স্থানীয় বকলীয়াঘাট গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে আঘাত অতি গুৰুতৰ হোৱাত চন্দ্ৰছিং তিচ' আৰু সান্তনা টকবিপী নামৰ শিশুটিক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।
No comments