শিমলুগুৰি ৰে'ল জংচনত কৰ্মৰত স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰ ৰে'ল বিষয়াৰঃ আটক ৰে'ল বিষয়া
শিৱসাগৰ, ৫ জুনঃ ৰাজ্যত চিকিৎসক-নাৰ্চক প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই নাজিৰাৰ শিমলুগুৰি ৰে'ল জংচনত ৰে'ল যাত্ৰীসকলৰ স্বাৱ সংগ্ৰহত কৰ্মৰত অৱস্থাত এগৰাকী মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ'বলগীয়া হ'ল এজন ৰে'ল বিভাগৰ বিষয়া। ৰেল বিভাগৰ ডিব্ৰুগড় বাণীপুৰৰ টিটিআইৰূপে কৰ্মৰত তথা আমগুৰিৰ নিবাসী সোনাৰাম গগৈয়ে শিমলুগুৰি জংচনত ৰে'লেৰে আহি উপস্থিত হয়। যিহেতু ৰে'লত যাত্ৰা কৰা প্ৰতিজন যাত্ৰীয়ে ৰে'ল জংচনত নামি স্বাস্থ্য বিভাগৰ অস্থায়ী পৰীক্ষা শিৱিৰত ক'ভিডৰ পৰীক্ষা কৰিব লাগে, তেনে অৱস্থাত ৰে'ল বিভাগৰ বিষয়া গগৈয়ে ৰে'লেৰে যাত্ৰা কৰাৰ অন্তত স্বাৱ পৰীক্ষা কৰিবলৈ অমান্তি হৈ কৰ্তব্যৰত এগৰাকী মহিলা স্বাস্থ্য কৰ্মীৰ লগতে আন একাংশ পুৰুষ স্বাস্থ্য কৰ্মীকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয়। এই সন্দৰ্ভত স্বাস্থ্য কৰ্মীসকলে বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়াৰ লগতে শিমলুগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় নাজিৰা মহকুমাৰ স্বাস্থ্য বিষয়া, চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া, আৰু শিমলুগুৰি আৰক্ষীৰ এটা দল। পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে সোনাৰাম গগৈ নামৰ ৰে'ল বিভাগৰ টিটিআইজনক আটক কৰে।


No comments