Breaking News

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিউজ ডেস্ক, ২১ জুনঃ আজি বিশ্ব যোগ দিৱস । আধ্যাত্মিক সত্তা আৰু স্ব-নিয়ন্ত্ৰণৰ শক্তিশালী আধাৰ হৈছে যোগাভ্যাস। নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে এটা সুস্থ আৰু সবল মনৰ গৰাকী হৈ এখন শক্তিশালী সমাজ গঢ়িব পৰা যায়। বিশ্ব তথা দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ৰূপহী পতঞ্জলি যোগ সমিতি শিৱিৰৰ দ্ধাৰা আজি যোগ দিৱসৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত ৰূপহী অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ পুৱা বন্তি প্ৰজ্বলন কৰি ভূপেন মাধৱ শইকীয়াই যোগৰ ওপৰত বক্তব্য আগবঢ়ায়। ভাৰত স্বাভিমানৰ প্ৰভাৰী শিৱসাগৰ জিলা সমিতি নৃপেন নেওগ, কালুগাঁও প্ৰাথমিক স্বাস্থ্যৰ কেন্দ্ৰৰ চিকিৎসক সীমান্ত বৰুৱা, ৰোহিনী গগৈকে আদি কৰি প্ৰায় সংখ্যক ব্যক্তিয়ে উক্ত অনুষ্ঠানত যোগদান কৰে। আনহাতে আজি বোকাজানতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ উদ্যোগত ইণ্ডোৰ ষ্টেডিয়ামত যোগ দিৱস পালন কৰা হয় উক্ত কাৰ্যসূচীত অসম বিধান সভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ত সাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে।



 


No comments