Breaking News

শিৱসাগৰত সেউজ কোঁৱৰ পৰাগ চলিহাৰ স্মৃতিচাৰণ সভা

শিৱসাগৰ, ২১ জুনঃ বিশিষ্ট শিক্ষাবিদ, ৰাজনীতিক, শিল্পী সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ ২২ সংখ্যক মৃত্যু দিৱসটি আজি শিৱসাগৰত অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হয়। পৰাগধৰ চলিহা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত এই স্মৃতি দিৱসৰ প্ৰথম কাৰ্যসূচী অনুসৰি চাওলুং চুকাফা ইনড’ৰ ষ্টেডিয়ামৰ সন্মুখত থকা সেউজকোঁৱৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পাছতে বিভিন্নজনে  শিল্পীজনৰ গীত-মাত পৰিৱেশন কৰে। অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক গংগা প্ৰসাদ বৰগোহাঁই, পঞ্চানন বৰঠাকুৰ, জগত চন্দ্ৰ গগৈ, অনংগ মোহন শৰ্মা, মুকুল বৰঠাকুৰ,  সাংবাদিক সোমেশ ডেকা, শিক্ষাবিদ তথা শিল্পীজনৰ সহধৰ্মিনী দীপালি চলিহা, সমাজকৰ্মী তথা পুত্ৰ সৌৰভ চলিহাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।



No comments