Breaking News

নেতাজী ক্লাৱৰ উদ্যোগত বকলীয়াঘাট নগৰত চেনিটাইজেশ্যন সম্পন্ন

বোকাজান, ২৬ মে’:- বকলীয়াঘাটৰ নেতাজী যুৱ বৈপ্লৱিক সংঘৰ উদ্যোগত আজি বকলীয়াঘাট নগৰ চেনিটাইজেশ্যন সম্পন্ন কৰা হয় । আজি দিনৰ প্ৰায় ১২ বজাত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে সমগ্ৰ বকলীয়াঘাট বজাৰ এলেকা চেনিটাইজেশ্যন সম্পন্ন কৰে । বকলীয়াঘাট এলেকাত শেহতীয়াকৈ ভালেসংখ্যক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ সময়তে নেতাজী যুৱ বৈপ্লৱিক সংঘৰ এনে উদ্যোগক সচেতন মহলে প্ৰশংসা কৰিছে।





No comments