Breaking News

অনলাইন ক্লাছত নিজৰ অশ্লীল ফটো আপলোড শিক্ষক ৰমাকান্ত চেতিয়াৰঃ চেতিয়াক স্ব-ইচ্ছাই বিদ্যালয়ৰ পৰা অব্যাহতিৰ প্ৰস্তাৱ

বোকাজান, ২৬ মে':- ছাত্ৰ-ছাত্ৰীক অনলাইন পাঠদানৰ বাবে খোলা হোৱাটছএপ গ্ৰুপত অশ্লীল ফটো দি বিকৃত মানসিকতাৰ পৰিচয় দিছে ৰাজ্যৰ এগৰাকী শিক্ষকে৷ কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ জপৰাজানৰ এগৰাকী শিক্ষকে হোৱাটছএপ গ্ৰুপত গুপ্তাংগৰ ফটো দিয়াৰ কুৰ্কীতিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খৰসিং তেৰাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমাকান্ত চেতিয়াৰ কৰ্ম-কাণ্ডই কলুষিত কৰিছে সমগ্ৰ শিক্ষকসমাজক। বর্তমান ক'ভিড পৰিস্থিতিৰ বাবে সমগ্র ৰাজ্যতে বন্ধ কৰি ৰখা হৈছে সকলো শিক্ষা প্ৰতিষ্ঠান । তাৰে পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে ৰাজ্যৰ সকলো শিক্ষা প্ৰতিষ্ঠানে অব্যাহত ৰাখিছে অনলাইন ক্লাছ ।  জপৰাজানৰ খৰসিং তেৰাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰমাকান্ত চেতিয়া নামৰ শিক্ষকজনেও নিজ আৱাসগৃহৰ পৰাই চলাই গৈছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনলাইন ক্লাছ । কিন্তু হঠাৎ যোৱা ২০ মে' তাৰিখে শিক্ষকজনে নিশা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন ক্লাছৰ বাবে খোলা হোৱাটছএপ গ্রুপত নিজৰেই কিছু অশ্লীল আলোকচিত্ৰ আপলোড কৰে। কু-চৰিত্ৰৰ শিক্ষকজনৰ এনে ঘৃণনীয় ঘটনা পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰাৰ পাছতেই ২৪ মে' তাৰিখে খৰসিং তেৰাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা উক্ত অঞ্চলৰ গাওঁবুঢ়া আৰু স্থানীয় ব্যক্তিসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি নিকৃষ্ট মনৰ শিক্ষকজনৰ গুৰু-শিষ্যৰ পবিত্র বান্ধোনক কলুষিত কৰা এনে ঘৃণনীয় তথা অশ্লীল কাণ্ডক একমুখে তীব্ৰ গৰিহণা দিয়াৰ লগতে শিক্ষকজনৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। উক্ত সভাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি শিক্ষকৰ নামত কলংক ৰমাকান্ত চেতিয়াক ৩০ মে' তাৰিখৰ ভিতৰত বিদ্যালয়ৰ আৱাসগৃহ খালী কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰে। সভাই অনতিপলমে শিক্ষকজনৰ এনে চৰম নিকৃষ্ট কাণ্ডৰ সকলো বিবৰণ উদ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে শিক্ষক ৰমাকান্ত চেতিয়াক স্ব-ইচ্ছাই বিদ্যালয়খনৰ পৰা অব্যাহতি লবলৈ দাবী জনায়। উল্লেখ্য যে ধনবল, বাহুবলৰ প্ৰভাৱেৰে বিভিন্ন অনুষ্ঠানক মেনেজ কৰি মান-যশস্যা খ্যাতি অৰ্জন কৰি বঁটা পাবলৈ সক্ষম হোৱা বুলি বোকাজানত অভিযোগ থকা এই গৰাকী কু-চৰিত্ৰৰ শিক্ষক ৰমাকান্ত চেতিয়াৰ পূৰ্বেও বহু নাৰী কেলেংকাৰীৰ অভিযোগ আছে বুলি জানিব পৰা গৈছে ।

No comments