বকলীয়াঘাটত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দোকানঘৰ
বোকাজান, ২০ মে’:- আজি বিয়লি বকলীয়াঘাট থানাৰ অন্তৰ্গত চিকাৰীগেটত এখন দ্ৰুতবেগী ট্ৰাকে পথৰ দাঁতিত থকা দুখনকৈ দোকান মহতীয়াই নিয়াৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয় । ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি প্ৰায় তিনি বজাত হোজাইৰ দিশে আহি থকা এএছ-০৯-চি-৫৮২২ নম্বৰৰ ট্ৰাকখনে বকলীয়াঘাট থানাৰ সমীপৰ চিকাৰীগেট পোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দুখনকৈ দোকান মহতীয়াই নিয়ে। নবীন ছিংনাৰ নামৰ লোকজনৰ কম্পিউটাৰ আৰু চিলাই প্ৰশিক্ষণৰ ঘৰ দুটা ট্ৰাকখনে মহতিয়াই নিয়াৰ ফলত দোকান ঘৰ দুটাৰ উপৰি ইয়াত থকা লক্ষাধিক টকাৰ সম্পত্তি বিধ্বস্ত হয়। অৱশ্যে কৰ’নাজনিত পৰিস্থিতিৰ বাবে দোকান দুখন বন্ধ থকাৰ বাবে দৈৱক্ৰমে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে । বকলীয়াঘাট আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালককো আটক কৰিবলৈ সক্ষম হয়।


No comments