অসম চুক্তি ৰূপায়ণৰ আশ্বাস প্ৰদানেৰে আছুৰে সৈতে মন্ত্ৰী অতুল বৰাৰ আলোচনা
নিউজ ডেস্ক, ২০ মে':- আজি অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই সদৌ অসম ছাত্ৰ সন্থাৰ উজানবজাৰস্থিত শ্বহীদ ন্যাস ভৱনত উপস্থিত হৈ আছু নেতৃবৃন্দৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰাৰ সৈতে উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা। আছুৰ সৈতে হোৱা আলোচনাত অসম চুক্তি ৰূপায়ণ, ৬ নং দফা ৰূপায়ণ, শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিতৰ পৰিয়ালক সংস্থাপন আৰু সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

No comments