Breaking News

মাঞ্জাত দুটি সন্তানৰ মাতৃক ধৰ্ষণঃ গ্ৰেপ্তাৰ ধৰ্ষণকাৰী সন্তোষ কুমাৰ

বোকাজান, ৯ মে':- ৰাজ্যজুৰি মহিলা আৰু কিশোৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ মাঞ্জাত পুনৰ আন এক জঘন্য ধৰ্ষণকাণ্ডৰ তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, মাঞ্জা থানাৰ অন্তৰ্গত লাংভকু চিংথং টেৰণ গাঁও পথৰ দুটি সন্তানৰ মাতৃ তথা এগৰাকী ২৩ বছৰীয়া মহিলাক সন্তোষ কুমাৰ নামৰ এজন লোকে ধৰ্ষণ কৰে। যোৱা সপ্তাহতে উক্ত ঘটনা সংঘটিত হয় যদিও মহিলাগৰাকীয়ে আজিহে মাঞ্জা থানাত এই বিষয়ে অৱগত কৰে। অভিযোগ লাভ কৰাৰ পিছতে মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে তৎপৰতাৰে স্থানীয় গাঁওবুঢ়াৰ সহায়ত সন্তোষ কুমাৰ নামৰ নৰপিশাচটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সন্তোষ কুমাৰৰ প্ৰকৃত ঘৰ বিহাৰত হোৱাৰ লগতে মাঞ্জাৰ এটা ক্ৰাছাৰত ইলেক্ট্ৰিচিয়ানৰ কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত মাঞ্জা থানাত ২৫/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যজুৰি এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হোৱাৰ সময়তে মাঞ্জাত সংঘটিত হোৱা এই ঘটনাই জনতাৰ ক্ষোভ বৃদ্ধি কৰিছে। 

No comments