পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেংত প্ৰচণ্ড বা-মাৰলিত বিস্তৰ ক্ষতিসাধনঃ বিদ্যুৎ সেৱা ব্যাহত
বোকাজান, ৯ মে':- আজি বিয়লি পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ টুম্প্ৰেং এলেকাত অহা এক প্ৰচণ্ড বা-মাৰলিত এলেকাটোৰ বিস্তৰ ক্ষতিসাধন হয়। বিয়লি প্ৰায় এক বজাত অকস্মাতে অহা প্ৰচণ্ড ধুমুহাজাকে বৃহত্তৰ টুম্প্ৰেং এলেকাৰ টুম্প্ৰেং বজাৰ, বালিগাওঁ, হাতিমাৰা, সাতগাঁও, ডংকা, কাৰ্বি ৰংচপী, হাতীমাৰা তৰাডুবি, মুগাছং আদি এলেকা সামৰি ব্যাপক ধ্বংসলীলা চলাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। ধুমুহাজাকৰ ফলত এলেকাটোৰ ভালেসংখ্যক প্ৰকাণ্ড গছ পথৰ ওপৰতে বাগৰি পৰাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে বৃহৎ বৃহৎ গছৰ হেঁচাত ভালেসংখ্যক আৱাসগৃহৰো বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাজাকৰ ফলত টুম্প্ৰেং বজাৰৰ পথৰ ওপৰত তথা দলঙৰ সমীপতে দুজোপা প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰি পৰাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। অৱশ্যে, স্থানীয় লোকসকলে তৎপৰতাৰে পথৰ ওপৰৰ পৰা গছকেইডাল আতৰাই পথ মুকলি কৰে। ধুমুহাজাকে ভালেসংখ্যক ঘৰৰ মুধচ পৰ্যন্ত উৰুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। ইফালে ধুমুহাজাকৰ লগতে অহা এজাক প্ৰৱল বৰষুণৰ ফলত ভুক্তভোগী ৰাইজৰ দুৰ্দশা দুগুণে বৃদ্ধি পায়। ধুমুহাজাকৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ধুমুহাজাকৰ ফলত গছ-বন ধুমুহাই উৰুৱাই নিয়াৰ ফলত বনৰীয়া পশু-পক্ষীকূলো দুৰ্দশাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাজাকৰ ফলত বিভিন্ন স্থানত বৈদ্যুতিক তাঁৰসমূহ ছিঙি পৰাৰ ফলত ধুমুহাজাকৰ পিছৰে পৰা বৃহত্তৰ এলেকাটোত বিদ্যুৎ যোগান বন্ধ হৈ থকাৰ বাতৰি পোৱা গৈছে।


No comments