লাহৰিজানত আৰক্ষীৰ অভিযানঃ নিচাযুক্ত সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ
বোকাজান, ৯ মে':- অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত কালি বিয়লি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে এই সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম আৰু উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটি থানাৰ অন্তৰ্গত লাহৰিজান বাগানৰ এটা ঘৰত অভিযান চলায়। উক্ত অভিযানত অভিযানকাৰী দলটোৱে ১৯ টা পেকেটত মুঠ ৩,৮০০ টা নিচাযুক্ত য়াবা টেবলেট (মেথামফেটামাইন) ৰ লগতে এটা চাবোনৰ বাকচত লুকুৱাই থোৱা অৱস্থাত ১২ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোকদুজন ক্ৰমে কৰিমগঞ্জ সদৰাচীৰ আবুল কালাম (৪৪) আৰু হোজাই জিলাৰ যোগীজানৰ ইমান আলি (২৮) বুলি চিনাক্ত কৰা হৈছে।

No comments