Breaking News

মাঞ্জাত স্ক'ৰপিঅ'ৰ খুন্দাত স্কুটি আৰোহী নিহত

বোকাজান, ৯ মে':- কালি বিয়লি কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত ৰংবং পথাৰত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী নিহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি প্ৰায় ৫.৩৭ বজাত লংনিটৰ দিশৰ পৰা মাঞ্জাৰ দিশে গৈ থকা এএছ-০৯-ডি-৮৭৯৮ নম্বৰৰ স্কুটিখনত পিছফালৰ পৰা অহা এখন ৰূপালী ৰঙৰ তীব্ৰবেগী স্ক'ৰপিঅ' বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত অতি গুৰুতৰভাৱে আহত স্কুটি আৰোহীজনক লগে লগে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই লোকজন নিহত হয়। নিহত লোকজন ডিফু থানাৰ অন্তৰ্গত ইংলং চেৰাপ নিবাসী পৱন ইংলেং (৪৫) বুলি চিনাক্ত কৰা হৈছে। মাঞ্জা আৰক্ষীয়ে ইতিমধ্যে চালকসহ দুৰ্ঘটনা সংঘটিত কৰা স্ক'ৰপিঅ'খন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিহত লোকজনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মাঞ্জা থানাত ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে। 


No comments