ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ ক্ষোভিত কাৰ্বি পাহাৰৰ নিবনুৱা যুৱক-যুৱতীঃ চি টেট উত্তীৰ্ণ প্ৰাৰ্থীকো সুযোগ প্ৰদানৰ দাবীঃ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ
বোকাজান, ২৯ মে':- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম ৰাজ্যিক চৰকাৰখনে ৰাজ্যৰ এক লাখ নিবনুৱাক সংস্থাপন প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ নিবনুৱাসকলৰ মাজত এক উৎসাহৰ পৰিবেশ সৃষ্টি হৈছে। কিন্তু পাহাৰীয়া জিলা কাৰ্বি আংলঙত তাৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। শিক্ষক নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ আৰম্ভণিতে জিলাখনত ক্ষোভ তথা প্ৰতিবাদৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, অলপতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ দুয়োখন পাহাৰীয়া জিলাত শিক্ষক পদত নিযুক্তি প্ৰদান কৰাৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। উক্ত বিজ্ঞাপনৰ ভিত্তিতে কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ৩৩১ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ২২৮ টা শিক্ষক পদকে ধৰি মুঠ ৫৫৯ টা ঠিকাভিত্তিক শিক্ষক পদত নিযুক্তিৰ বাবে নিবনুৱা যুৱক-যুৱতীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছিল। উক্ত বিজ্ঞাপনত পদসমূহৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ যোগ্যতা অসম টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছিল। চৰকাৰৰ এই নিৰ্দেশনাক কেন্দ্ৰ কৰিয়েই সম্প্ৰতি পাহাৰীয়া জিলাখনত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ উক্ত বিজ্ঞাপনত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক উক্ত পদসমূহৰ বিপৰীতে আবেদনৰ কোনো সুযোগ প্ৰদান নকৰাৰ ফলত ক্ষোভত ফাটি পৰিছে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল। তাৰে পৰিপ্ৰেক্ষিতত আজি বকলীয়াঘাটত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীসকলে চি টেটক বঞ্চিত নকৰিব, আমাৰ দাবী মানিবই লাগিব, মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়ক, শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিয়ক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে, প্ৰতিবাদকাৰীসকলে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে উক্ত পদসমূহৰ বিপৰীতে আবেদনৰ বাবে সুযোগ প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ প্ৰদান কৰে।
No comments