Breaking News

উপাধ্যক্ষ ডাঃ নোমল মমিনৰ নেতৃত্বত সেৱামূলক কাৰ্যসূচী

বোকাজান, ৩০ মে': - আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখনে দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তিত ভৰি দিয়ে। এই দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ কৰ্মকৰ্তা সকলে বিভিন্নধৰণৰ সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰে। দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ১৭ নং বোকাজান সমষ্টিতো এই সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। আজি বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ নেতৃত্বত বিজেপিৰ বুথ সভাপতি সকলে নিজ নিজ গাওঁ/ৱাৰ্ডত বৃক্ষ ৰোপণ কৰাৰ লগতে বিভিন্ন ঠাইত বহুতো দুখীয়া পৰীয়ালক খাদ্য সামগ্ৰী, মাস্ক আৰু চেনিটাইজাৰ বিতৰন কৰে। লগতে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয় কাৰ্য্যকালৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সেৱামূলক কাৰ্যসূচীৰে পূব কাৰ্বি আংলং জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি় উত্তম বাস্নেটৰ নেতৃত্বত বোকাজান অসামৰিক চিকিৎসালয়, শিলনীজান কভিদ চেন্টাৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে।






No comments