Breaking News

হামৰেণত ব্যৱসায়ীক ধনদাবীঃ দুই যুৱকক গ্ৰেপ্তাৰ

বোকাজান, ২৯ মে':- পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত এগৰাকী ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই ধনদাবী কাণ্ডৰ দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, ধৃত দুই অভিযুক্তই হামৰেণৰ এগৰাকী ব্যৱসায়ীক ফোনযোগে ধন দাবী কৰিছিল। এই বিষয়ে আৰক্ষী অৱগত হোৱাৰ পিছত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই কালি দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্ত দুগৰাকী ক্ৰমে হামৰেণৰ বলালাংছ'ৰ বৰলংকি তিমুং আৰু ডিমা হাচাও জিলাৰ উমৰাংছুৰ জন ইংতি বুলি জানিব পৰা গৈছে। ধৃত দুয়োটা দুৰ্বৃত্তৰ জিম্মাৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেল, দুটা মোবাইল ফোনৰ লগতে ধনদাবী কাৰ্যত ব্যৱহাৰ কৰা ছিমকাৰ্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে। 



No comments