মাঞ্জাত ২০ টা চুৰি চিলিণ্ডাৰ জব্দঃ এজনক আটক
বোকাজান, ২৭ মে’:- কাৰ্বি আংলং জিলাৰ মাঞ্জাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই ২০টা চুৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, চোৰাংচোৱাৰ দ্বাৰা সংগৃহীত তথ্যৰ ভিত্তিত কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যোৱানিশা তালাচী অভিযান চলায় । উক্ত অভিযানতে এনএল-০১-এন-৮৮৬০ নম্বৰৰ বাৰচকীয়া ট্ৰাকখনত চলোৱা তালাচীত ২০ টা চুৰি চিলিণ্ডাৰ উদ্ধাৰ কৰা হয়। ট্ৰাকখনত বিলাতী মাটিৰ বস্তাৰ মাজত লুকুৱাই অনা অৱস্থাত চিলিণ্ডাৰসমূহ উদ্ধাৰ কৰা হয় । চিলিণ্ডাৰসমূহৰ কোনো বৈধ নথিপত্ৰও নাছিল বুলি জানিব পৰা গৈছে । কোনো অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে চিলিণ্ডাৰসমূহ চুৰ কৰি অনাৰ সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰিৰ দিব্যজ্যোতি বৰা (৩১) নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে ।
No comments