Breaking News

বৰপানী নদীৰে দিন দুপৰতে চোৰাং কাঠৰ সৰবৰাহ: দুখন মেলেংসহ বৈঠালাংছ’ত ৰাইজে জব্দ কৰিলে লক্ষাধিক টকাৰ চেগুনৰ কুণ্ডা

বোকাজান, ২৫ মে’:- এচাম সমাজবিৰোধী লোকৰ তৎপৰতাত নিতৌ ব্যাপক হাৰত ধ্বংস হ’বলৈ ধৰিছে কাৰ্বি আংলং জিলাৰ বনাঞ্চল। বন বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাৰ সুযোগ লৈ জিলাখনৰ পৰা কাঠচোৰৰ দলে মূল্যবান গছ কাটি কাঠৰ চোৰাং সৰবৰাহ অব্যাহত ৰখাৰ ফলত জিলাখনৰ অৰণ্যাঞ্চল দ্ৰুতগতিত সংকুচিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। পশ্চিম কাৰ্বি আংলং জিলাতো শেহতীয়াকৈ চোৰাং কাঠৰ সৰবৰাহকাৰী চক্ৰ অধিক সক্ৰিয় হৈ উঠাৰ লগতে জিলাখনৰ নদীপথেৰে আনকি দিন দুপৰতো চোৰাং কাঠৰ সৰবৰাহ অব্যাহত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । পশ্চিম কাৰ্বি আংলং জিলাৰ হংক্ৰাম ঘাটত আজি স্থানীয় ৰাইজে দুখন বৃহৎ মেলেংসহ বুজন পৰিমাণৰ চোৰাং চেগুনৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। বৈঠালাংছ’ৰ আমট্ৰেং এলেকাৰ পৰা বৰপানী নদীৰে  চুবুৰীয়া নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন স্থানলৈ কুণ্ডাসমূহ নি থকা অৱস্থাতে আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে তৎপৰতাৰে কুণ্ডাসমূহ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰমূল্য কমেও লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে । ইফালে, দিন দুপৰতে জিলাখনৰ নদীপথেৰে চোৰাং কাঠৰ ব্যৱসায়ীয়ে মেলেং সাজি মূল্যবান কাঠৰ চোৰাং ব্যৱসায় অব্যাহত ৰখা কাৰ্যই জিলাখনৰ বন বিভাগৰ সক্ৰিয়তাৰ ফোপোলা স্বৰূপটো স্পষ্ট কৰি তুলিছে । বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰো  এনে চোৰাং ব্যৱসায়ীৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। 




No comments