Breaking News

বোকাজানত পাঁচ কোটি টকাৰ হেৰ’ইন জব্দঃ মহিলা গ্ৰেপ্তাৰ

বোকাজান, ২৫ মে':- আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আজি পুনৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি বৰা, খটখটী থানাৰ উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া, সহকাৰী উপ-পৰিদৰ্শক ভদ্ৰকান্ত বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজান তিনিআলিত এক তালাচী অভিযান আৰম্ভ কৰে । তালাচী অভিযানৰ সময়তে ডিমাপুৰৰ দিশৰ পৰা আহি থকা এএছ-১৯-এচি-০০৭৪ নম্বৰৰ যাত্ৰীবাহী বাছখনত আৰক্ষীয়ে তালাচী চলাই ৬৪ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ৭২৩ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা নিষিদ্ধ ড্ৰাগছখিনি দুটা বেগত ভৰাই অনাৰ লগতে হেৰ’ইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় পাঁচ কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ঘটনা সন্দৰ্ভত ড্ৰাগছখিনি সৰবৰাহ কৰাৰ অভিযোগত খটখটী থানাৰ অন্তৰ্গত খটখটী কছাৰী গাঁৱৰ ৰিম্পা হাজৰিকা (৪০) নামৰ এগৰাকী মহিলাকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে জব্দ হোৱা হেৰ’ইনখিনি গুৱাহাটীলৈ নি থকা হৈছিল বুলি ধাৰণা কৰা হৈছে ।

No comments