গোষ্ঠীগত সংঘাতৰ পৰিৱেশ সৃষ্টি নোহোৱাৰ বাবে চৰকাৰ-প্ৰশাসনক সষ্টম হোৱাৰ আহ্বান: ধনশিৰিৰ ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনাক লৈ উদ্বিগ্ন এপিএইচএলচি
বোকাজান, ২৫ মে’:- কাৰ্বি আংলং জিলাৰ ধনশিৰিত অলপতে সঞ্জয় ৰংহাং নামৰ পূজাৰীগৰাকীৰ হত্যাকাণ্ডৰ পিছতে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ডিমাচা সশস্ত্ৰ বিদ্ৰোহী সংগঠন ডিএনএলএৰ কেইবাগৰাকীও কেডাৰ নিহত হোৱাৰ পিছতে উক্ত ঘটনাৰ আলম লৈ প্ৰতিক্ৰিয়াশীল চক্ৰই কাৰ্বি আৰু ডিমাচাসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টাত লিপ্ত হোৱাৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰছ কনফাৰেন্স চমুকৈ এপিএইচএলচি । দলটোৰ সভাপতি জন ইংতি কাথাৰে আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই আশংকাৰ কথা প্ৰকাশ কৰে। যিকোনো কাৰণতে জনজাতীয় লোকৰ মৃত্যু হ’লে মূলতঃ জনজাতীয় লোকৰে সংখ্যা হ্ৰাস পাব বুলি মন্তব্য কৰি জিলাখনত এনে ঘটনাৰ আলম লৈ কোনো কাৰণতে যাতে গোষ্ঠীগত সংঘৰ্ষৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি সচেষ্ট হোৱাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনায় । সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডৰ পিছতে সকলো জনজাতিৰ প্ৰতিনিধিক লৈ এখন শান্তি সভা অনুষ্ঠিত কৰাৰ বাবে দলটোৰ তৰফৰ পৰা জিলা উপায়ুক্তক লিখিতভাৱে জনোৱা হৈছিল বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। উন্নয়নৰ অভাৱ আৰু চৰম দৰিদ্ৰতাৰ বাবেই এলেকাটোত উগ্ৰপন্থী সমস্যা অব্যাহত থকা বুলি মন্তব্য কৰি স্বায়ত্ব শাসিত ৰাজ্য গঠনেই এলেকাটোৰ সকলো সমস্যা সমাধানৰ একমাত্ৰ পথ বুলি মন্তব্য আগবঢ়ায় । লগতে সশস্ত্ৰ পন্থা ত্যাগ কৰাৰ বাবেও সকলোকে আহ্বান জনায় দলটোৰ সভাপতিগৰাকীয়ে ।
No comments