Breaking News

চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ সফল অভিযানঃ আটক তিনিটাকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰীঃ জব্দ দুটা এ কে ৪৭ ৰাইফল

বোকাজান, ১০ মে':- এফালে ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ তথা তৎপৰতা অব্যাহত থকাৰ সমান্তৰালভাৱে অসম গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গঁড় নিধন কৰি খৰ্গ সৰবৰাহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে শক্তিশালী অপৰাধী চক্ৰ। কালি কাৰ্বি আংলং জিলা আৰক্ষীয়ে দুৰ্ধৰ্ষ গঁড় চিকাৰী চক্ৰৰ বিৰুদ্ধে এক অন্যতম সফল অভিযান চলাই তিনিটাকৈ চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰসহ ভালেসংখ্যক আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী  সূত্ৰে লাভ কৰা তথ্য অনুসৰি, জিলাখনৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজান এলেকাত অস্ত্ৰ-শস্ত্ৰসহ এটা অপৰাধীৰ দল ঘূৰি ফুৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে। নিৰ্ভৰযোগ্য সূত্ৰে এই তথ্য লাভ কৰাৰ পিছতে কালি পুৱাৰ ভাগৰ পৰা কাৰ্বি আংলং জিলাৰ এক বৃহৎ আৰক্ষী বাহিনীয়ে উক্ত অপৰাধী চক্ৰৰ বিৰুদ্ধে এলেকাটোত অভিযান আৰম্ভ কৰে। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা তথা কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা আৰু বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ দুটা গোটে এলেকাটোত সুকীয়া সুকীয়াকৈ অভিযান চলাই। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে বিয়লিৰ ভাগত থেকেৰাজান এলেকাৰ পৰা তিনিটাকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গঁড় চিকাৰী কেইটা ক্ৰমে, কাৰ্বি আংলং জিলাৰ চামেলাংছ' থানাৰ অন্তৰ্গত বৰপুং ছিং টেৰণ গাঁৱৰ ৱেলচন টেৰণ (৩৪), চকীহোলা থানাৰ অন্তৰ্গত বৰলাংছ' গাঁৱৰ দেৰেছাং ৰেংমা (৩৬) আৰু আল' ৰেংমা (২৯) বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰাং চিকাৰীকেইটাৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা এ কে ৪৭ ৰাইফল, দুটা মেগজিনসহ এ কে ছিৰিজৰ ৩০ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুটা টৰ্চ লাইট, বেগ আদি কৰি অন্য কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, জিলাখনৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজানৰ মাজেৰে চোৰাং গঁড় চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহ-যাহ কৰাৰ বাবে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। থেকেৰাজান হৈ পাহাৰীয়া পথেৰে কেইবাদিনো খোজকাঢ়ি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱাকৈ সুচল পথ আছে। সেয়েহে, স্বয়ংক্ৰিয় মৰণাস্ত্ৰসহ যাতায়তৰ বাবে চোৰাং চিকাৰীৰ দলে এই পথছোৱাক নিৰাপদ কৰিডৰ হিচাপে বিবেচনা কৰি আহিছে। আনহাতে, আৰক্ষীৰ জালত পৰা আল' ৰেংমাৰ ঘৰ চকীহোলাত যদিও দীৰ্ঘদিনধৰি ধৰি ডিমাপুৰৰ পুৰণা বজাৰত থাকি গঁড় চিকাৰী চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি গঁড় চিকাৰীৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কালি বিয়লিয়েই গঁড় চিকাৰী চক্ৰটো আৰক্ষীৰ জালত পৰাৰ পিছটো তদন্তৰ খাতিৰতে বিষয়টো জিলা আৰক্ষীয়ে স্থানীয় সংবাদ মাধ্যমক অৱগত কৰোৱাৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত আৰক্ষীয়ে বকলীয়াঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ২৫ (১-এ) অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত ২৯/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে। চোৰাং চিকাৰী চক্ৰৰ বিৰুদ্ধে আজি পৰ্যন্ত জিলাখনৰ আৰক্ষীয়ে পাহাৰীয়া দুৰ্গম অঞ্চলত অব্যাহত ৰাখিছে ব্যাপক অভিযান। উল্লেখ্য যে, বিগত বৰ্ষতো থেকেৰাজান এলেকাত কাৰ্বি আংলং আৰক্ষীয়ে চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই ভালেকেইটা দুৰ্ধৰ্ষ গঁড় চিকাৰীক আটক কৰাৰ লগতে এ কে ৫৬ জাতীয় গধুৰ অস্ত্ৰও চোৰাং চিকাৰীৰ জিম্মাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল। যোৱাটো বৰ্ষত কাজিৰঙাৰ চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে এলানি সফল অভিযানৰ নেতৃত্ব দিয়া কাৰ্বি আংলং জিলা আৰক্ষীৰ বাবে এই অভিযান এক অন্যতম সফল অভিযান হিচাপে পৰিগণিত হৈছে। 

No comments