গ্ৰাহকৰূপী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ খটখটিত বুজন পৰিমাণৰ হেৰ'ইনসহ দুজন গ্ৰেপ্তাৰ
বোকাজান, ২২ এপ্ৰিলঃ- কাৰ্বি আংলঙৰ মাজেৰে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ কৰাৰ বাবে ড্ৰাগছ ব্যৱসায়ী চক্ৰই নিতৌ নতুন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলোৱাৰ বিপৰীতে ধুৰন্ধৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে নিত্য নতুন কৌশলেৰে অভিযান অব্যাহত ৰাখিছে জিলাখনৰ আৰক্ষীয়ে। আজি বোকাজান মহকুমা আৰক্ষীয়ে চলোৱা এনে এক অভিযানতে বুজন পৰিমাণৰ নিষিদ্ধ হেৰ'ইনসহ দুজন লোকক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, ড্ৰাগছ ব্যৱসায়ী চক্ৰটোক আটক কৰাৰ বাবে আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু দুগৰাকী জোৱানে ড্ৰাগছ ব্যৱসায়ীৰ বেশত ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰৰ সৈতে যোগাযোগ কৰে। সেই অনুসৰি এনএল-০৭-এফ-৯৮১৭ নম্বৰৰ এখন অটোৰিক্সাৰে গ্ৰাহকৰূপী আৰক্ষীৰ দলটোক ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে অহা অৱস্থাতে আজি দিনৰ প্ৰায় ১২ঃ৩০ বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰৰ চক্ৰ বিষয়া ভূপেন কলিতা, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম, উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই খটখটীৰ ৰাজধানী ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰা অটোৰিক্সাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে ডিমাপুৰ ইষ্টৰ ঘোঁৰাপট্টিৰ নাগিন্দ্ৰ মাহাট্টো (৪২) আৰু বাবুল কুমাৰ (২৫) বুলি চিনাক্ত কৰা হৈছে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ জিম্মাৰ পৰা ২৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩১৮ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য কমেও ১০ লক্ষাধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
No comments