সৰুপথাৰ, ২১ এপ্ৰিলঃ চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ আজি পবিত্ৰ মৃত্যু তিথি। মহীয়সী গৰাকীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি চুতীয়া জাতিয়ে ৭ ব'হাগৰ দিনটোত পালন কৰে সতী সাধনী দিৱস। সৰুপথাৰৰ ছেৱাগুৰি বীৰপাল সমন্বয় ক্ষেত্ৰত আজি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় সতী সাধনী দিৱস। কৰ'না মহামাৰীৰ বাবে চৰকাৰে দিয়া সকলো নীতি-নিৰ্দেশনা পালনৰে সদৌ চুতীয়া জাতি সন্মিলন অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসম, চুতীয়া যুৱ সন্মিলন অসম, সদৌ অসম চুতীয়া ছাত্র সন্থা তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত সৰুপথাৰ বীৰপাল সমন্বয় ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা বীৰাংগনা সতী সাধনী দিৱসত বৃক্ষৰোপন কৰে সৰুপথাৰ মহাবিদ্যালয় অধ্যক্ষ ড° সিদ্ধেশ্বৰ বৰাই।

অনুষ্ঠানত জাতীয় ধ্বজা উত্তোলন কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি আমিয় কুমাৰ বৰাই ৷ লগতে পৰম্পৰা অনুসৰি চুতীয়া জাতিৰ দেওকুবেৰ শলিতা লগোৱা সকামো অনুষ্ঠিত হয় ৷ বিভিন্ন জাতীয় কৃষ্টিৰ সমাহাৰে অনুষ্ঠিত কৰা আজিৰ এই সাধনী দিৱসৰ মুকুলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ কথা আছিল যদিও বৰ্তমান কৰ'না মহামাৰীৰ লগতে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপস্থিত থাকিব নোৱাৰাৰ বাবে উদযাপন সমিতিলৈ এক বাৰ্তা প্ৰেৰণ কৰি মহীয়সী গৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
No comments