Breaking News

ডিএলএছএৰ উদ্যোগত ধৰিত্ৰী দিৱস

ডিফু, ২২ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি আজি কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ডিএলএছএৰ ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ সহকাৰী সত্ৰ ন্যায়াধীশ এম. এইছ. আনচাৰী,  কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, ডিএলএছএৰ সচিব নাগিব আহমেদে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

 

বৃক্ষৰোপণৰ পিছতে "ধৰিত্ৰী দিৱস" সংক্ৰান্তীয় এক অনলাইন ছেমিনাৰো অনুষ্ঠিত হৈ যায় ৷ উক্ত ছেমিনাৰত ডিএলএছএৰ অন্তৰ্ভুক্ত অধিবক্তা,  ৱান ষ্টপ চেণ্টাৰৰ প্ৰতনিধি, ডিফু উকিল সন্থাৰ প্ৰতিনিধি আৰু আইনৰ ছাত্ৰসকলে অনলাইন আলোচনাত অংশগ্ৰহণ কৰে ৷ উক্ত আলোচনাত সুপ্ৰিয়া হাঞ্চু মূল বক্তা হিচাপে উপস্থিত থকাৰ লগতে দীপাঞ্জলী দাসে অনুষ্ঠানটো পৰিচালনা কৰে ৷ ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি  ছেমিনাৰখনত শাৰিৰীক উপস্থিতিৰ বিপৰীতে অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় ৷


No comments