ধোঁৱাচাঙত উঠিল কৰ’নাৰ নীতি-নিয়মঃ বকলীয়াঘাট-ৰজাপথাৰত ভেকচিনৰ নাটনি
বকলীয়াঘাট, ২২ এপ্ৰিলঃ- ৰাজ্যজুৰি কৰ’নাৰ দ্ৰুত সংক্ৰমণে চৌদিশে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে চৰকাৰে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেতবোৰ কঠোৰ আচৰণ বিধি নাগৰিকৰ বাবে নিৰ্দ্ধাৰিত কৰি দিছে যদিও বহু ক্ষেত্ৰত কৰ’না সংক্ৰান্তীয় এনে বাধা-নিষেধ এক প্ৰকাৰ ধোঁৱাচাঙত উঠাহে দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট নগৰৰ মাজ-মজিয়াত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ বাহিৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত এক অশনি সংকেত কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, চৰকাৰৰ ভালেকেইখন অভিলাষী আঁচনিৰ ধন হিতাধিকাৰী বেংক একাউণ্টৰ জৰিয়তে জমা কৰা হয়। চৰকাৰী আঁচনিৰ পৰা লাভ কৰা এনে ধন সংগ্ৰহৰ বাবে শেহতীয়াকৈ বেংকৰ বাহিৰত জনতাৰ এনে সমাবেশ কৰ’নাসৃষ্ট প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিপদজনক হিচাপে পৰিগণিত হৈছে। গ্ৰাহকসকলৰ মাজত কোনো সামাজিক ব্যৱধান মানি নচলাৰ লগতে বহু গ্ৰাহকে আনকি অপৰিহাৰ্য মাস্ক পৰিধান নকৰাকৈয়ে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। একাংশ মহিলাই কণ কণ শিশুক লৈ বেংকত শাৰী পাতিবলগীয়া হোৱাৰ ফলত এই কণ কণ শিশুসকলৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি নামি আহিছে। পুৱা দহ বজাত সাধাৰণতে বেংক খোলা হয় যদিও পুৱা ৮ বজাৰ পূৰ্বেই বেংকৰ সন্মুখত গ্ৰাহকে দীঘলীয়া শাৰী পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ গ্ৰাহকে অভিযোগ কৰা অনুসৰি নিজৰ প্ৰাপ্য ধন লাভ কৰাৰ বাবে দিনৰ পিছত দিন ধৰি বেংকলৈ তাত-বাটি কৰি থকাৰ পাছতো নিজৰ প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনকি বেংকত ধন উলিওৱাৰ প্ৰ-পত্ৰৰো অভাৱ হোৱাৰ ফলত এইসকল নিৰীহ গ্ৰাহকে ভীষণ যন্ত্ৰণা ভোগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত গ্ৰাহকসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো সুবিধাজনক উপায় অৱলম্বন কৰি গ্ৰাহকসকলৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈকো ভূক্তভোগী গ্ৰাহকসকলে দাবী জনাইছে। ইফালে কৰ’নাই সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিবলৈ লোৱাৰ সময়তো বেংকৰ গ্ৰাহকসকলৰ বাবে আনকি সামান্য চেনীটাইজাৰৰো ব্যৱস্থা কৰা হোৱা নাই বুলি ক্ষুদ্ধ গ্ৰাহকসকলে অভিযোগ কৰে। উল্লেখ্য যে, বিগত বৰ্ষতো কৰ’নাকালীন সংকটৰ মুহূৰ্তত বেংকত গ্ৰাহকৰ দীঘলীয়া শাৰীক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। বেংকত বহু সময়ত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱৰ বাবেও বেংকৰ কৰ্মচাৰীসকলে গ্ৰাহকক উপযুক্ত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছিল। তেনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৰ’নাৰ বাধা নিষেধ মানি চলি গ্ৰাহকক কিদৰে সেৱা আগবঢ়াব পৰা যায় সেয়া গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
আনহাতে, শেহতীয়াকৈ কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ ফলত কৰ’নাৰ ভেকচিন গ্ৰহণৰ বাবে ভালেসংখ্যক লোকে চিকিৎসালয়ত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ফলত চিকিৎসালয়সমূহত ভেকচিনৰো অভাৱ দেখিবলৈ পোৱা গৈছে। বকলীয়াঘাট গ্ৰাম্য চিকিৎসালয়ত ভেকচিনৰ অভাৱত কালিৰে পৰা চিকিৎসালয়ত ভেকচিন প্ৰদান কাৰ্যসূচী ব্যাহত হৈ থকা বুলি জানিব পৰা গৈছে। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, কালি ২০ জন লোকক কৰ’নাৰ ভেকচিন দিয়াৰ পিছতে চিকিৎসালয়খনত কৰ’নাৰ ভেকচিন শেষ হোৱাৰ ফলত আজি পৰ্য্যন্ত কোনো লোকক ভেকচিন প্ৰদান কৰিব পৰা হোৱা নাই। আনহাতে ৰজাপথাৰ গ্ৰাম্য চিকিৎসালয়তো কৰ’নাৰ ভেকচিন শেষ হোৱাৰ ফলত আজি কোনো লোকক ভেকচিন প্ৰদান কৰিব পৰা নগ’ল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি পূৰ্বে গ্ৰামীণ এলেকাত ভেকচিন গ্ৰহণৰ প্ৰতি ৰাইজে বিশেষ আগ্ৰহ প্ৰকাশ নকৰাত ভেকচিনসমূহ নষ্ট হৈ যোৱাৰ আশংকাত ভালেখিনি ভেকচিন ঘূৰাই পঠিওৱা হৈছিল। শেহতীয়াকৈ ৰাজ্যজুৰি অকস্মাতে কৰ’নাৰ আতংক পুনৰ বৃদ্ধি পোৱাৰ লগতে পুনৰ চিকিৎসালয় সমূহত ভেকচিন লোৱা লোকৰ সংখ্যা তাৎক্ষণিকভাৱে বৃদ্ধি পোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে। অৱশ্যে, এই নাটনি শীঘ্ৰে পূৰণ কৰিব পৰা যাব বুলি চিকিৎসালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে।
No comments