Breaking News

এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনীঃ ২০ বছৰে নিজ পুত্ৰক শিকলিৰে বান্ধি লালন-পালন বৃদ্ধা মাতৃৰ

বকলীয়াঘাট, ২৩ এপ্ৰিলঃ এগৰাকী শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক লৈ সম্প্ৰতি যন্ত্ৰণাৰ অথাই সাগৰত পৰিছে বকলীয়াঘাটৰ এগৰাকী বৃদ্ধা। উল্লেখ্য যে, বকলীয়াঘাট নগৰৰ জলসিঞ্চন বিভাগৰ মথাউৰিত নিজৰ একমাত্ৰ পুত্ৰৰ সৈতে বসবাস কৰা অৰু দাস নামৰ বয়োজেষ্ঠা মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰ শান্ত দাস (২৮) যুৱকজন সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ থকাৰ ফলত পুত্ৰক লালন-পালনৰ নামত সম্প্ৰতি ভীষণ সমস্যাৰ সন্মুখীন হৈছে এইগৰাকী মহিলা। উল্লেখ্য যে, অন্য শিশুৰ দৰে জন্মৰ সময়ত সম্পূৰ্ণ স্বাভাৱিক আৰু সুস্থভাৱে জন্ম হোৱা শান্ত দাস নামৰ শিশুটি জন্মৰ প্ৰায় ডেৰ বছৰৰ পিছৰে পৰা কেতবোৰ বিসংগতি দেখুৱাবলৈ আৰম্ভ কৰে। এক দুৰ্ঘটনাৰ পিছতে শান্ত দাসে প্ৰথমে শাৰীৰিকভাৱে কেতবোৰ বিসংগতি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। পিছলৈ যুৱকজনৰ মানসিকভাৱেও বিকৃতি প্ৰকাশ পোৱাৰ ফলত অৱশেষত উপায়বিহীন হৈ পিতৃ-মাতৃয়ে শান্ত দাসক ভৰিত এডাল শিকলিৰে বান্ধি ৰাখিবলৈ আৰম্ভ কৰে। তেতিয়াৰে পৰা বিগত কমেও প্ৰায় ২০ বছৰ ধৰি একমাত্ৰ পুত্ৰক শিকলিৰে ভৰিত বান্ধি একপ্ৰকাৰ বন্দী কৰি ৰাখিছে মহিলাগৰাকীয়ে। দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ বাবে নিজ পুত্ৰৰ বিশেষ উন্নত চিকিৎসাৰ বাবেও সামৰ্থ নাছিল।

ইয়াৰ মাজতে যোৱা প্ৰায় ৫ বছৰ পূৰ্বে শান্ত দাসৰ পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ পাছত মাতৃৰ তত্ত্বাৱধানত লালিত-পালিত হোৱা শান্ত দাসৰ আলপৈচান ধৰাক লৈ বৃদ্ধা মাতৃৰ বাবে এক অন্যতম সমস্যা হিচাপে পৰিগণিত হৈছে। মথাউৰিৰ এটি অস্থায়ী একোঠলীয়া কোঠাত ভাড়াতীয়া হিচাপে থকা শান্ত দাসৰ মাতৃ আৰু দাসে বিগত সময়ছোৱাত আনৰ হোটেলত কাম-বন কৰি জীৱিকা অৰ্জন কৰাৰ লগতে প্ৰতিবন্ধী যুৱকজনকো পোহপাল দিয়াৰ নামত বহু হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। বিশেষকৈ, চৰম দাৰিদ্ৰৰ মাজত জীৱন অতিবাহিত কৰা মহিলাগৰাকীয়ে আজি পৰ্যন্ত কোনো চৰকাৰী আচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ল। জৱকাৰ্ডৰ সুবিধাৰ লগতে চৰকাৰীভাৱে বিনামূলীয়া চাউলৰ সুবিধাও মহিলাগৰাকীয়ে লাভ কৰিবলৈ সমৰ্থ নহ’ল বুলি বৃদ্ধা অৰু দাসে ক্ষোভ প্ৰকাশ কৰে। অৱশ্যে, কিছু পলমকৈ হ’লেও মহিলা গৰাকীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা বুলি জানিবলৈ দিছে। শেহতীয়াকৈ নিজেও কেতবোৰ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা বৃদ্ধাগৰাকীৰ বাবে এগৰাকী যুৱ ৰোগীক দিন মজুৰি কৰি পোৱা সামান্য ধনেৰে পোহপাল দিয়াটো অসম্ভপ্ৰায় হৈ পৰা পৰিলক্ষিত হৈছে। সুদীৰ্ঘ কাল ধৰি অসুস্থ হৈ থকা পুত্ৰক সুস্থ কৰি তোলাৰ আশা বাদ দিয়া বৃদ্ধাগৰাকীয়ে অন্তত চৰকাৰৰ পৰা লাভ কৰিব পৰা নূন্যতম সুবিধা লাভৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট পক্ষক দাবী জনাইছে।

No comments