বকলীয়াঘাট-হাওৰাঘাটত বিহুৰ অনুষ্ঠান বাতিল
বকলীয়াঘাট, ২১ এপ্ৰিলঃ ৰাজ্যজুৰি কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ ফলত এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আৰু হাওৰাঘাটৰ দুখনকৈ গুৰুত্বপূৰ্ণ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰিছে আয়োজক সমিতিয়ে। উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৮ আৰু ২৯ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক বসন্ত উৎসৱ উদযাপনৰ সকলো প্ৰস্তুতি চলোৱা হৈছিল যদিও আয়োজক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে কামছিং হাঞ্চে আৰু দ্বীপজ্যোতি দাসে আজি এক বিবৃতিযোগে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুয়োটা দিনৰ সকলো কাৰ্যসূচী বাতিল হোৱা বুলি ঘোষণা কৰে। আনহাতে, উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ কথা আছিল যদিও উক্ত কাৰ্যসূচীও সাময়িকভাবে স্থগিত ৰখা বুলি বিবৃতিটোত উল্লেখ। আনহাতে, অহা ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপনৰ কাৰ্যসূচীও অৱশেষত বাতিল কৰা বুলি আয়োজক সমিতিয়ে ঘোষণা কৰিছে। আয়োজক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ড° মহিম বৰা আৰু অনন্ত ৰাজবংশীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি সাম্প্ৰতিক কৰ’নাকেন্দ্ৰীক প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আয়োজক সমিতিয়ে এক জৰুৰী সভা অনুষ্ঠিত কৰি বিহুৰ দুয়োটা দিনৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
No comments