আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ’জ
গোলাঘাট, ২১ এপ্ৰিলঃ গোলাঘাট
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ'জ। এনডিপিএচ আইনৰ
অধীনত গ্ৰেপ্তাৰ কৰা গোলাঘাট চানমাৰিৰ ভগা গাঁওৰ নিবাসী মৃণাল গগৈ ওৰফে জ'জয়ে
২ বছৰ পৰ্য্যন্ত কাৰাগাৰতে দিন
কটাব লাগিব। ড্ৰাগছ ব্যৱসায়ী জ'জসহ দীপজ্যোতি সিনহা আৰু দেবজিত চেতিয়া নামৰ দুটা ড্ৰাগছ ব্যৱসায়ীকো
গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে l উল্লেখ্য যে জ'জক পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল l উল্লেখ্য যে, কুখ্যাত ড্ৰাগছ
মাফিয়া জ'জক আৰক্ষীয়ে এনডিপিএচ আইনৰ অধীনত কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল যদিও কাৰাগাৰৰ
পৰা জামিন লাভ কৰাৰ পিছতে পুনৰ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা
গঢ়ি তুলিছিল । আৰক্ষীৰ বাৰে বাৰে টোপনি হৰণ কৰা জ'জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে গৃহ বিভাগক তথ্য
সহকাৰে বিষয়টো অৱগত কৰাত নাৰ্কেটিক ব’ৰ্ডৰ অধীনৰ প্ৰেভেচন
অৱ ইলিছিট ট্ৰেফিকিং এনডিপিএচ আইন, ১৯৮৮ ৰ অধীনত কালি
গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে জ’জক।আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ
No comments