পাৰখোৱাত বিজ্ঞানৰ আৰ্হি-চিত্ৰাংকন প্ৰতিযোগিতা, ক’ৰ’না সজাগতা সভা
বকলীয়াঘাটঃ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞানৰ আৰ্হিৰ প্ৰদৰ্শন, গণিত আৰু বিজ্ঞান সম্পৰ্কীয় চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক’ৰ’না সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কুৰিটাতকৈয়ো অধিক বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষ মীনা জি মমিনৰ সভাপতিত্বত আয়োজিত হোৱা এক সভাত ক’ৰ’নাৰ সংক্ৰমণ তথা ইয়াৰ ভয়াৱহতা সন্দৰ্ভত আলোচনা কৰা হয়। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মুক্তাৰাম কলিতাই ক’ৰ’না সম্পৰ্কত সবিশেষ বিশ্লেষণ দাঙি ধৰি ছাত্ৰছাত্ৰীসকলৰ মাজত ক’ৰ’না সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । ছাত্ৰছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয় । উক্ত সভাতে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় ।
![]() |
পাৰখোৱাত বিজ্ঞানৰ আৰ্হি-চিত্ৰাংকন প্ৰতিযোগিতা, ক’ৰ’না সজাগতা সভা![]() |
No comments