পশ্চিম কাৰ্বি আংলঙত প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টি
ডিফু,১৩ এপ্ৰিলঃ প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি সাধন হৈছে পশ্চিম কাৰ্বি আংলঙত ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত জিলাখনৰ জনজীৱন স্তব্ধহৈ পৰে ৷ ধুমুহাৰ ফলত প্ৰকাণ্ড-প্ৰকাণ্ড গছ বাগৰি ঘাইপথসমূহ বন্ধ হৈ পৰিছে ৷ জিলাখনৰ বহু ঠাইত প্ৰৱল ধুমুহাত বাসগৃহ উৰুৱাই ভাঙি-ছিঙি বিস্তৰ ক্ষতি সাধন হয়।
আনহাতে, শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত যান-বাহন তথা যাতায়তত আংশিক বাধাৰ সৃষ্টি হয় ৷ ইপিনে, কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ লগতে ইয়াৰ নিকটৱৰ্তী এলেকাত ধুমুহা বতাহৰ আংশিক প্ৰভাৱ পৰিছে বুলিও জানিব পৰা গৈছে ৷
No comments