নেচ'নেল পেনচাক চিলাট গেমছত সুযোগ লাভ কৰিলে সৰুপথাৰৰ পাঁচ গৰাকী কণমানী যুৱতীয়ে।
ধনশিৰি, ১৮ মাৰ্চঃ নেচ’নেল পেনচাক চিলাট গেমছত সুযোগ লাভ কৰিলে সৰুপথাৰৰ পাঁচ গৰাকী কণমানী যুৱতীয়ে। ধনশিৰিবাসীৰ বাবে ই এক সু-খবৰ। আগন্তুক ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া নেচনেল পেনচাক চিলাট গেমছত সৰুপথাৰ অঞ্চলৰ পৰা একে সময়তে পাঁচ গৰাকীকৈ শিশু খেলুৱৈ ক্ৰমে অনন্যা শইকীয়া, স্নেহা শইকীয়া, সঞ্চিতা শইকীয়া, নিস্তাৰিণী শইকীয়া আৰু হিৰস্ময়ী শইকীয়াই খেলিবলৈ সুযোগ লাভ কৰিছে। ইতিমধ্যে তেওঁলোকে স্থানীয় প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৰ অধীনত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। সৰুপথাৰৰ নিচিনা পিছপৰা ঠাইত উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈও এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে তেওঁলোকৰ অভিভাৱকসকলৰ লগতে খেলুৱৈ সমাজ। এই প্ৰতিযোগিতাখনত তেওঁলোকে পদক বুটলিবলৈ নিশ্চিন্তভাৱে সক্ষম হ’ব বুলি প্ৰশিক্ষক গগন চন্দ্ৰ বড়োৱে জানিবলৈ দিয়ে। খেলুৱৈ কেইগৰাকী অহা ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা জন্মু-কাশ্মীৰলৈ ৰাওনা হ’ব।
No comments