Breaking News

বিশ্ব মহামাৰী "ক'ভিড-১৯"ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি বোকাজান মহকুমা প্ৰশাসন আৰু বোকাজান মহকুমা আৰক্ষীৰ যৌথ উদ্যোগত বোকাজানৰ নগৰাঞ্চলত সজগতা কাৰ্যসূচী ৰূপায়ন

 বোকাজান, কাৰ্বি আংলং: সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত "ক'ভিড-১৯" ৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৈনিক শ শ লোক আক্ৰান্ত হৈছে "ক'ভিড-১৯" ত। ফলশ্ৰুতিত প্ৰশাসনে অতি তৎপৰতাৰে "ক'ভিড-১৯" ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্যবিধি অনুসৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানতো মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া জন দাস আৰু বোকাজানৰ সাংবাদিকসকলৰ সহযোগত কৰ'নাৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে। ইয়াৰ উপৰি বোকাজান নগৰৰ শুকানজান, বোকাজানৰ ৰেলৱে ষ্টেচন, বোকাজানৰ সাপ্তাহিক বজাৰ আদি স্থানত সমাগম হোৱা লোকসকলৰ মাজত মহকুমা প্ৰশাসনে মাস্ক বিতৰণ কৰি বাধ্যতামূলক ভাবে মাস্ক পৰিধান কৰিব লাগিব বুলি সকলোৰে প্ৰতি অনুৰোধ জনায়।অন্যথা ১০০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ সকীয়নি দিয়ে। 

বিশ্ব মহামাৰী "ক'ভিড-১৯"ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি বোকাজান মহকুমা প্ৰশাসন আৰু বোকাজান মহকুমা আৰক্ষীৰ যৌথ উদ্যোগত বোকাজানৰ নগৰাঞ্চলত সজগতা কাৰ্যসূচী ৰূপায়ন


No comments