ৰঙালী বিহুৰ দিনাই চাপৰত চাঞ্চল্যকৰ ঘটনা
চাপৰ, ১৫ মাৰ্চঃ নিজ পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ । মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাওঁত ভয়ংকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংগঠিত হয় ভয়ংকৰ ঘটনা। নিহত পিতৃ গৰাকীৰ নাম কুদৰোদ উল্লাহ সেখ বুলি জানিব পৰা গৈছে। ঘাতক ৰূপি পুত্ৰ গৰাকীৰ নাম হানিবুল সেখ বুলি জানিব পৰা গৈছে।
ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাওঁত উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘাতক হানিবুল সেখৰ লগতে হানিফ সেখ, আৰু হামিদা বিবিক কৰায়ত্ব কৰি চাপৰ থানালৈ লৈ যায়। স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি দাবি কৰে।
No comments