Breaking News

হাওৰাঘাটত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দঃ মহিলাসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত

বোকাজান, ২৫ আগষ্টঃ হাওৰাঘাট থানাৰ অন্তৰ্গত অককেৰেং এলেকাত আজি বিয়লি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ তিনিটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি বিয়লি হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাং আৰু ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পাৰখোৱাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাওৰাঘাট সংযোগী পথত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে উক্ত পথৰ অককেৰেং নামৰ ঠাইত এএছ-02-এ-4999 নম্বৰৰ মাৰুতী কাৰখনত তালাচী চলাই প্ৰায় 8560 টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলা সহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে নʼমন ৰিচ ৰেংমা, মনোজ ক্ৰামছা আৰু ক্ৰিষ্টিনা তিচʼপী বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনি নগাঁৱৰ পৰা ডিফুলৈ আনি থকা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, সৰবৰাহকাৰী দলটোৱে আৰক্ষীৰ বাহনত খুন্দিয়াই পলাই সৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

No comments