খেৰণিত আৰক্ষীৰ জালত দুই গভাইত চোৰ
বোকাজান, ২৫ আগষ্ট : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত দীৰ্ঘদিন ধৰি তাণ্ডৱ চলাই অহা দুই গভাইত চোৰক যোৱানিশা আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, অলপতে খেৰণিৰ অশোক সিং নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাৰ্য সংঘটিত হয়। এই সন্দৰ্ভত ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। অৱশেষত, এক গোপন সূত্ৰৰ পম খেদি খেৰণি আৰক্ষীয়ে যোৱানিশা অভিযান চলাই বুজন সংখ্যক চুৰি সামগ্ৰীসহ দুটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটা ধুবুৰীৰ মিনাল হক আৰু খেৰণি দৈয়াংমুখৰ বিকাশ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰ দুটাৰ জিম্মাৰ পৰা আৰক্ষীয়ে দুটা লেপটপ, তিনিটা মোবাইল, এটা ছাউণ্ড চিষ্টেম আৰু অন্যান্য কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
No comments