লাহৰীঘাটত ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ সজাগতামূলক সমদল
লাহৰিঘাট, ৬ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি 'ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে মৰিগাওঁ জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটসমূহে ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আহ্বান অনুসৰি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰতে যাতে জাতীয় পতাকা উৰুওৱা হয় সেই বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ আজি মহিলাসকলে বাইকেৰে এক সজাগতামূলক যাত্ৰা আৰম্ভ কৰে । মহিলাসকলে হাতে হাতে পতাকা লৈ লাহৰীঘাট অঞ্চলত সজাগতা শোভাযাত্ৰা উলিয়ায়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিকা দাস ৰংহাঙে ।
No comments