Breaking News

শিৱসাগৰত সাক্ষাৎকাৰ-বিজ্ঞাপন অবিহনে অবৈধভাৱে তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ অভিযোগঃ আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান অসম নৱ-নিৰ্মাণ সমিতিৰ

শিৱসাগৰ, ৬ আগষ্টঃ শিৱসাগৰ জিলাত সাক্ষাৎকাৰ আৰু বিজ্ঞাপনৰ অবিহনে অবৈধভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে বদলিকৰণ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা তথ্য ফাদিল কৰিছে অসম নৱ নিৰ্মাণ সেনাই। শিৱসাগৰস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিভাগত এই অবৈধ আৰু ভুৱা নিযুক্তিৰ অভিযোগ উত্থাপন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বদলিকৰণৰ অজুহাত দেখুৱাই স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে অবৈধভাৱে নিযুক্তি লাভ কৰাসকলক বৰ্খাস্ত নকৰাৰ ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। চাকৰিৰ পৰা বৰ্খাস্ত নকৰিলে অসম চৰকাৰৰ মুখ্য সচিবলৈ এক পত্ৰ যোগে আইনৰ জৰিয়তে গোচৰ তৰাৰ হুংকাৰ প্ৰদান কৰিছে অসম নৱ-নিৰ্মাণ সমিতিৰ বিষয়ববীয়াই।

No comments