ভাৰতীয় ষ্টেট বেংকৰ বকলীয়া শাখাৰ শুভ উদ্বোধন
বোকাজান, ১৯ আগষ্টঃ বৃহত্তৰ বকলীয়াঘাট এলেকাৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি আজি ভাৰতীয় ষ্টেট বেংকৰ বকলীয়া শাখাৰ শুভ উদ্বোধন কৰা হয়। আজি দিনৰ প্ৰায় 12 বজাত আনুষ্ঠানিকভাৱে শাখাটোৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। শাখাটো উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে গুৰুত্বপূৰ্ণ সহযোগিতা লাভ কৰি অহা বুলি মন্তব্য কৰি আগত দিনত ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে জিলাখনৰ সাধাৰণ জনতাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হʼব বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৱৰ মুখ্য মহা প্ৰবন্ধক অৰবিন্দ কুমাৰ সিঙে ভাষণ প্ৰসংগত ভাৰতীয় ষ্টেট বেংকৰ শাখাসমূহত সকলো ধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ সুবিধা উপলব্ধ কৰা হʼব বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। বেংকটোৰ গুৱাহাটী মডিউলৰ উপ মহাপ্ৰৱন্ধক শুভ কান্ত কানুনগʼৱে আজিৰ দিনটো সকলোৰে বাবে গৌৰৱৰ দিন বুলি কয়। বেংকটোৰ নগাঁৱৰ ৰিজিঅʼনেল মেনেজাৰ ৰঞ্জিত কুমাৰ দত্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে, পৰিষদীয় সদস্য জনী তিমুং, লাংছʼমেপি খণ্ড উন্নয়ন বিষয়া কনকলতা টেৰণপী, বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণ ভাৰতীয় ষ্টেট বেংকৰ বকলীয়া শাখাৰ শাখা প্ৰৱন্ধক বিজয় দেৱবাৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানতে বেংকৰ শাখাৰে সংলগ্ন এ টি এম সেৱাৰ উদ্বোধন কৰাৰ লগতে গ্ৰাহকসকলৰ মাজত আনুষ্ঠানিক ভাৱে পাছবুক প্ৰদান কৰা হয়।
No comments