Breaking News

হাফলঙত 8 কুকি উগ্ৰপন্থীৰ আত্মসমৰ্পণ

বোকাজান, ১৯ আগষ্টঃ কুকি বিদ্ৰোহী সংগঠন কুকি ট্ৰাইবেল ইউনিয়ন চমুকৈ কে টি ইউৰ 8 গৰাকীকৈ নেতা কেডাৰে আজি আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, আছাম ৰাইফলছৰ হাফলং চৰকাৰী বাগান স্থিত শিৱিৰত আজি উগ্ৰপন্থী সংগঠনটোৰ নেতা-কেডাৰসকলে আত্মসমৰ্পন কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰে। আজি আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেডাৰকেইগৰাকী ক্ৰমে স্বয়ম্ভূ ছাৰ্জেন্ট মেজৰ চেইগৌ,  ছাৰ্জেন্ট মেজৰ চেম, লেন্স কৰ্পʼৰেল জেক, কৰ্পʼৰেল এলবাৰ্ট, কেডাৰ ৰবাৰ্ট, ৰাজাপেও জেমছ, সহকাৰী ৰাজনৈতিক সংগঠক বেঞ্জামিন আৰু মাং বুলি জানিব পৰা গৈছে। আছাম ৰাইফলছৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, উক্ত সংগঠনটোৰ তৎপৰতাত যোৱা কেইটামান মাহ ধৰি বিভিন্ন স্থানত ধনদাবী কৰি অহাৰ তথ্য পোৱা গৈছিল। শেহতীয়াকৈ আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেডাৰ কেইগৰাকীয়ে পূৰ্বে কুকি ৰিভল্যুশ্যনেৰী আৰ্মি চমুকৈ কে আৰ এ ত্যাগ কৰি এই সংগঠনটোত যোগদান কৰা বুলি জানিব পৰা গৈছে। কুকি ট্ৰাইবেল ইউনিয়ন চমুকৈ কে ইউ টি শীৰ্ষক সংগঠনটো বিশেষভাৱে নাগালেণ্ড, কাৰ্বি আংলং, ডিমা হাছাও আৰু মণিপুৰৰ কুকি অধ্যূষিত এলেকাত সক্ৰিয়। সংগঠনটোৱে শেহতীয়াকৈ  জিৰিবাম আৰু তামেংলঙৰ কুকি অধ্যূষিত এলেকাত কৰ সংগ্ৰহ আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে। নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ মদতপুষ্ট সংগঠনটোৰ কেডাৰসকলে এন এছ চি এনৰ নাগালেণ্ডৰ হেব্ৰনস্থিত শিৱিৰত প্ৰশিক্ষণ লাভ কৰিছিল।

No comments